হুমুনিয়া
মোৰ মৃত্যুৰ সৰাপাতৰ কোলাহলত তুমিও নিয়ৰৰ হুমুনিয়া লবা। ভাল পাওঁ বুলি কব নোৱাৰিলেও সোনাৰুৰ হালধীয়াই নিজান পেলাব তোমাৰ দেহ।। জীৱনক ৰং বুলি ভবা পখিজাকে যেতিয়া তোমাৰ কোলাত আহি জিৰাব। তুমি নিশ্বাসৰ এনাজৰিৰে হাত বাওলি মাতিব পাৰিবা জীৱনক। হাঁহি আৰু কান্দোনৰ মাজত যেতিয়া আশাবোৰে সান্নদ্ধ নাপাব। মোকেই বিচাৰি আকৌ তুমি নিয়ৰৰ মাজে মাজে সৰাপাত বুতলিবা।। মইযে তোমাক জুমি জুমি চাম তুমি গমেই নাপাবা। হৃদয়ৰ এটা কোনত মোক মাতিলে হৃদয়তে পাবা মোৰ হৃদয়ক।
Comments
Post a Comment